ছাদ্দাম হুছেইন, ১৯ অক্টোৱৰঃ সস্তীয়া জনপ্ৰিয়তাৰ বাবে একাংশ অভিনেতাই অসমৰ সমাজ জীৱনত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া ভাওনাকো বিকৃত ৰুপত প্ৰদৰ্শণ কৰিবলৈ কুন্ঠাবোধ নকৰে। মহাপুৰুষ দুজনাই ৰচনা কৰা নাটসমুহক প্ৰথমে ঝুমুৰা আখ্যা দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া বৈষ্ণৱ ভকতসকলে ভাওনা নামেৰে অভিহিত কৰিছিল।
ভাওনাৰ জৰিয়তে গুৰুজনাই ধৰ্মৰ কথাবোৰ, শাস্ত্ৰৰ জ্ঞানবোৰ অভিনয়ৰ মাজেৰে সাধাৰণ লোকৰ মাজলৈ নিয়াৰ চেষ্টা কৰিছিল। কিন্তু আজি-কালি একাংশ অভিনেতাই কেৱল জনপ্ৰিয়তাৰ বাবে গুৰুজনাৰ এই সৃষ্টিকো অপমান কৰিবলৈ লৈছে। বেহাৰবাৰী আউটপ’ষ্টৰ জনপ্ৰিয় চৰিত্ৰ মোহনে (দ্বীপজ্যোতি কেওট)নগাঁও জিলাৰ পুৰণিগুদামৰ কাঁহুলি গাঁৱত অনুষ্ঠিত হোৱা “সমুদ্ৰ মন্থন” ভাওনাত মঞ্চত অসংযত আচৰণ কৰা পৰিলক্ষিত হয়।
এই সমুদ্ৰ মন্থন নামৰ ভাওনা খনত মোহনে মোহিনী চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, ফ্লায়িং কিছ কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অসমীয়া সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।
অৱশেষত নিজৰ ভুল মানি ক্ষমা বিছাৰিলে অভিনেতা দ্বীপজ্যোতি কেওটে তথা মোহনে।