আজিও সন্ধানহীন অভিনাশ সৰকাৰ

Share

গুৱাহাটী মহানগৰীত হোৱা প্ৰতিজাক বৰষুণেই যেন এতিয়া কঢ়িয়াই আনিছে মৃত্যুৰ বতৰা। গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰৰ নলাত উটি যোৱা অবিনাশ সৰকাৰৰ ৩৬ ঘন্টাৰ পিছতো নোলাল কোনো সন্ধান।বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি।জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। কৃত্ৰিম বানৰ মাজতে স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ। শিশুটিৰ সন্ধানত নিশাৰে পৰা উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে SDRF আৰু চানমাৰি আৰক্ষীয়ে। কিন্তু এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই শিশুটিৰ। আজিও অভিযান অব্যাহত ৰাখিছে শিশুটিৰ উদ্ধাৰৰ বাবে। পুত্ৰক লৈ হে উভতি যাব ঘৰলৈ ,অন্যথা এই স্থান ত্যাগ নকৰে দেউতাকে । লগতে পুত্ৰক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান দুৰ্ভগীয়া পিতৃ হৰলাল সৰকাৰৰ। পিতৃৰ সন্মুখতে উন্মুক্ত নলাৰে উটি গৈছিল কণমানি অবিনাশ ৷ স্নিফাৰ ডগ ব্যৱহাৰ কৰিও অবিনাশৰ উদ্ধাৰ অভিযানত সফল নহ’ল প্ৰশাসন। পুত্ৰক বিচাৰি ভাগি পৰিছে অবিনাশ সৰকাৰৰ দুৰ্ভগীয়া পিতৃ। পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰিছে পিতৃ। নাখাই নবৈ বৃহস্পতিবাৰ পৰা অহৰহ কেৱল পুত্ৰৰ সন্ধানতে নামি পৰিছে পিতৃ।

Leave a Reply

Your email address will not be published. Required fields are marked *