নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত আপত মোক্ষম আঘাত

Share
নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টি অসম প্ৰদেশত খহনীয়া দেখিবলৈ পোৱা আৰম্ভ হৈছে। দলটোৰ দুই শীৰ্ষ নেতাই কৰিলে পদত্যাগ। উপ সভাপতি জিতুল ডেকা আৰু ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথৰ পদত্যাগ।
আপৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল জিতুল ডেকাই। বিৰোধী ঐক্য মঞ্চৰ সৈতে বুজাবুজিৰ ক্ষেত্ৰত আভ্যন্তৰীণ কন্দল আৰু তাৰ পৰিণতিতেই এই দুয়োগৰাকী নেতাই পদত্যাগ কৰা বুলি সকলোৱে অবগত কৰিছে । দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পদৰ পৰাও পদত্যাগ কৰাৰ কথা জনাইছে দুয়োগৰাকী নেতাই।
উল্লেখযোগ্য যে আজিয়ে দুয়োজন নেতাই বিজেপিত যোগদান কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত লগতে কেইবাগৰাকী আপ কৰ্মীও যোগদান কৰে বিজেপিত। আনহাতে বিভিন্ন দলৰ পৰা অহা বহু সংখ্যক লোকেও আজি বিজেপিত যোগদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *