গুৱাহাটী,১৩ ডিচেম্বৰঃ আজি দিনটোতে কৰক আধাৰ কাৰ্ড আপডেট।যদি আজি ভিতৰত আধাৰ আপডেট নকৰে তেন্তে বন্ধ হৈ পৰিব আধাৰ সম্পৰ্কীয় সকলো কাম-কাজ।আনহাতে আধাৰ কাৰ্ড আপডেট নকৰা সকল পৰিব পাৰে প্ৰবঞ্চনাৰ জালত।ইয়াৰোপৰি ঘৰতে বহি কৰিব পাৰিব আধাৰ কাৰ্ড আপডেটৰ সকলো কাম-কাজ।UIDAIৰ অফিচিয়েল ৱেবচাইটত গৈ আধাৰ নামভৰ্তি প্ৰ-পত্ৰ ডাউনলোড কৰিলে আধাৰ সেৱা কেন্দ্ৰত সংগ্ৰহ কৰিব পৰিব বায়’মেট্ৰিক।
আনহাতে এই সকলোবোৰ কাম সম্পন্ন হোৱাৰ পিছতে সংগ্ৰহ কৰিব পাৰিব এখন ৰচিদ।ৰচিদখনত থাকিব URN নম্বৰ।URN নম্বৰৰ জৰিয়তে জানিব পাৰিব আধাৰ কাৰ্ড আপডেটৰ সকলো তথ্য আৰু প্ৰয়োজনীয় তথ্য সন্নিবিষ্ট কৰি সমীপৰ আধাৰ কেন্দ্ৰত জমা দিব লাগিব আধাৰ ফৰ্মখন।আধাৰ আপডেটৰ কামৰ কাৰণে দিব নালাগে কোনো ধৰণৰ মাচুল।উল্লেখযোগ্য যে,চৰকাৰে নিৰ্ধাৰিত কৰিছে আধাৰ আপডেটৰ সময়সীমা।আধাৰ কাৰ্ড আপডেটৰ শেষৰ দিন ১৪ তাৰিখ বুলি চৰকাৰে জানিবলৈ দিয়ে।