অসমত কঠোৰ হ’ব আধাৰ কাৰ্ড অনুমোদন প্ৰক্ৰিয়া

Share

এতিয়াৰে পৰা অসমত কঠোৰ হ’ব আধাৰ কাৰ্ড অনুমোদন প্ৰক্ৰিয়া।কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে জনোৱা অনুমোদন প্ৰক্ৰিয়া কঠোৰ কৰিব ৰাজ্য চৰকাৰে ।এই প্ৰসংগত মঙলবাৰে অসম কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । তাৰ উপৰিও ই-খাজানাৰ লগতে হাতে হাতে খাজানা দিব পৰা ব্যৱস্থা আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পঞ্জীয়ন নৱীকৰণৰ মাচুল আৰু জৰিমনা ৰেহাই ব্যৱস্থাত অনুমোদন অসম কেবিনেটৰ ।

কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে কয়, “বহু বাংলাদেশীক বিএছএফ, অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে ৷ বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে ছেকেণ্ড লাইন ডিফেন্স হিচাবে কাম কৰি আহিছে । তাক আমি অধিক শক্তিশালী কৰি বিএছএফৰ লগত সমন্বয়েৰে অধিক কটকটীয়া ব্যৱস্থা ল’ব খুজিছো । এই শৃংখলাৰ এটা পৰ্যায় হিচাবে অসম কেবিনেটে আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো খুব কঠোৰ, কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰ “এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ কাৰ্ড দিয়াৰ আগতে ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ কৰি যি অনুমোদন জনায়, ৰাজ্য চৰকাৰক ভেৰিফিকেচন কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি অনুৰোধ জনায়, তাত ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সাধাৰণ প্ৰশাসন বিভাগেক গোটেই প্ৰক্ৰিয়াটোত ন’ডেল বিভাগ হিচাবে কেবিনেটে ঘোষণা কৰিছে । ইয়াৰ উপৰিও জিলা পৰ্যায়ত এগৰাকী অতিৰিক্ত জিলা আয়ুক্তক তদাৰকী কৰিবৰ বাবে জিলা আয়ুক্তই দায়িত্ব প্ৰদান কৰিব । সাধাৰণ প্ৰশাসন আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বাবে আজিৰ পৰা চক্ৰ বিষয়াগৰাকী দায়বদ্ধ হ’ব ৷ যেতিয়া আধাৰৰ আবেদন এখন অনুমোদনৰ বাবে আহিব তেতিয়া আবেদনকাৰী বা তেওঁৰ পৰিয়াল নাইবা পিতৃ-মাতৃয়ে NRC ৰ বাবে আৱেদন কৰিছিল নে নাই পৰীক্ষা কৰিব চক্ৰ বিষয়াই । যদিহে আবেদন কৰা নাছিল, অসম চৰকাৰে প্ৰত্যাখান কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিব ।”

চমুকৈ ক’বলৈ গ’লে অসমত আধাৰ নামভৰ্তিৰ বাবে SOP নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে ৷ অসমত আধাৰ আবেদনকাৰীৰ প্ৰকৃততা নিশ্চিত কৰিবলৈ অসমত আধাৰ নামভৰ্তিৰ বাবে “ৰাজ্য চৰকাৰৰ পৰ্টেল”ৰ অধীনত নতুন মানক পৰিচালন পদ্ধতি ৰূপায়ণৰ প্ৰস্তাৱত মঙলবাৰে অনুমোদন প্ৰদান কৰিছে অসম কেবিনেটে ।

আধাৰৰ আবেদনৰ SoP ৰ নিয়ম সমূহ হ’ল:

  • SoP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ (GAD) ন’ডেল বিভাগ হ’ব ৷
  • ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰি লাভ কৰাৰ ৪৫ দিনৰ ভিতৰত UIDAI লৈ অনলাইনযোগে প্ৰেৰণ কৰিব ৷
  • অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নামভৰ্তি পৰীক্ষণৰ তদাৰক কৰিব, আনহাতে চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত পৰীক্ষণ পৰিচালনা কৰিব ৷
  • চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে অসমত এন আৰ চিৰ বাবে আবেদনকাৰীয়ে আবেদন কৰিছিল নে নাই সেয়া নিশ্চিত কৰিব ।
  • পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীজনে দাখিল কৰা ঠিকনাত থাকে নে নাই পৰীক্ষা কৰিব লাগিব ৷
  • ৰাজ্যত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াৰ ক্ষেত্ৰত এন আৰ চিৰ আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ’ব ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *