নৃশংস ভাবে মৰিয়াই হত্যা কৰিলে এগৰাকী মহিলাক

Share
নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগাত সংঘটিত হৈছে এক নৃশংস হত্যা কাণ্ড। কোনো দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে এগৰাকী মহিলাক। এই ঘটনাই সমগ্ৰ জিলাখনতেই এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাৱে আন দুজন ব্যক্তিও আহত হয়। আহত লোক দুজনক আমিৰুদ্দিন আৰু  ছাদাকছ আলী বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে, ভয়ংকৰ আক্ৰমণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুয়োজন লোককে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। এই হত্যা কাণ্ডৰ কাৰণ বৰ্তমান লৈ জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *