পুৱাই গণেশগুৰিৰ গণেশ মন্দিৰত এক শোকাৱহ পথ দুৰ্ঘটনা

Share

সঘনাই বাঢ়িব ধৰিছে দুৰ্ঘটনাৰ সংখ্যা । আজি  পুৱাই প্ৰায় ৭.২০ বজাত মহাগনৰীৰ গণেশগুৰিত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা । এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে লিটল ফ্লাৱাৰ স্কুলৰ  এগৰাকী ছাত্ৰীয়ে । অভিজ্ঞ শিক্ষানুষ্ঠান লিটল ফ্লাৱাৰ স্কুলৰ এখন বাছৰ খুন্দাত থিতাতে মৃত্যু হয় একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। ভগ্নীৰ সৈতে স্কুটীৰে স্কুললৈ আহি থকাৰ সময়তে স্কুল বাছে মহতিয়াই নিয়ে স্কুটীখন। যাৰ ফলত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ।নিহত ছাত্ৰীগৰাকীৰ নাম প্ৰিয়া কুমাৰী। ছাত্ৰীগৰাকীৰ ঘৰ হেঙেৰাবাৰীত। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰিয়াৰ বায়েকো। ৰয়েল গ্ল’বেল স্কুলৰ ১৫ নম্বৰ বাছখনে স্কুটীখনত খুন্দা মৰাৰ পিছত ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰেৰে উঠি যায়। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS-01-PC-7411 ।

দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাছসহ চালকজনে পলায়ন কৰে যদিও পিছত বশিষ্ঠ আৰক্ষীয়ে বাহনৰ লগতে চালকক আতক কৰিবলৈ সক্ষম হয় । চালকজনৰ নাম বিপুল বড়ো।  দুৰ্ঘটনাৰ সংঘটিত হোৱা প্ৰায় আধাঘণ্টা পিছত উপস্থিত হয় আৰক্ষী আৰু 108 সেৱাৰ এম্বুলেঞ্চ। দিছপুৰ থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত সংঘটিত হোৱা এই দুৰ্ঘটনা।
উল্লেখ্য যে,স্থানীয় লোকৰ অভিযোগ মতে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছে এটা প্ৰকাণ্ড গাত। পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।আৰু গাঁত খন্দা স্থানত নাই কোনো ধৰণৰ বেৰিকেড। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বহুসংখ্যক স্থানীয় লোক।
আনফালে, দুৰ্ঘটনাৰ পিছতে দিছপুৰ থানাত ৩ প্ৰত্যক্ষদৰ্শীয়ে  ৰয়েল গ্ল’বেল স্কুলৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। এজাহাৰাত জাইকাৰ কথাও উল্লেখ কৰা হৈছে। জাইকাই খন্দা গাঁত উন্মুক্ত কৰি ৰখাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰা হৈছে এজাহাৰত। উন্মুক্ত গাঁতবোৰত বেৰিকেড দিয়াৰ দাবী তোলা হৈছে এজাহাৰত।
          এতিয়া লক্ষ্যণীয় কথাটো হল হল চৰকাৰে এতিয়া এই ক্ষেত্ৰত  কি পদক্ষেপ গ্ৰহণ কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *