গুৱাহাটী,১৮ নৱেম্বৰঃধৰাৰ বুকুত হিম চেঁচা ঘন কুঁৱলীৰ আচ্ছাদন।পৰ্যটকৰ প্ৰাণকেন্দ্ৰ কাজিৰঙাৰ বৰ্তমানৰ মোহাচ্ছন্ন পৰিৱেশে সকলোকে আকৰ্ষিত কৰিছে।কুঁৱলীৰ লগতে পৰিভ্ৰমী পক্ষীৰ মাতেৰে মুখৰিত হৈ পৰিছে কাজিৰঙা।
ঘন কুঁৱলীৰ মাজে মাজে উদিত সূৰ্যৰ কিৰণ ফালি হাতী,চাফাৰী আগবাঢ়ি গৈ তাৰ কাষেৰে পাৰ হৈ যোৱা এশিঙিয়া গড়,হৰিণা আদিকে ধৰি বিভিন্ন বন্যপ্ৰাণী দেখি আপ্লুত হৈ পৰিছে দেশী-বিদেশী পৰ্যটক।
ফ্ৰান্সকে ধৰি বহু কেইখন ৰাষ্ট্ৰৰ পৰ্যটকেৰে ভৰি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।প্ৰতি বছৰে শীত নামি অহাৰ লগে লগেই যেন অনন্য ৰূপ লাভ কৰে কাজিৰঙাই।