উৰিষ্যাত সংঘটিত হয় এক ভয়াৱহ ৰেল দুৰ্ঘটনা

Share

ভাৰতৰ ইতিহাসত পুনৰ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।শুক্ৰবাৰে নিশা উৰিষ্যাৰ বালাচোৰত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটো।বালাচোৰৰ বাহগানা ষ্টেচনৰ ওচৰত কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল ৰে’ল দুৰ্ঘটনাটো।

তথ্য অনুসৰি,ৰে’লৰ তিনিটা শ্লিপাৰ ডবাৰ বাহিৰে বাকী সমগ্ৰ ৰে’লখন লাইনচ্যুত হৈছে।এই ৰে’লখন এখন মালবাহী ৰে’লৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে লাইনচ্যুত হয়।তাৰে ভিতৰত ১৮ টা ডবা লাইনচ্যুত হয়।ডবাত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাত প্ৰশাসনক স্থানীয় ৰাইজে সহায় কৰিছে।

এই দুৰ্ঘটনাত ২৮০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৯০ জন লোক আঘাতপ্ৰাপ্ত হয়।কিন্তু শনিবাৰে পুৱালৈকে মৃতকৰ সংখ্যা ২৮৮ জনলৈ বৃদ্ধি হয় আৰু আহত লোকৰ সংখ্যাও অধিক হয়।প্ৰতিটো সময়তে এই দুৰ্ঘটনাৰ খবৰ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু লগতে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ ফলত মৃতকৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

ৰে’ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে উৰিষ্যা চৰকাৰে ১০ লাখ টকাকৈ,আহতসকললৈ ২ লাখ টকাকৈ আৰু সামান্যভাৱে আঘাতপ্ৰাপ্ত সকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে ৰে’লমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *