দেৰগাঁৱত হৈ যোৱা শোকাবহ পথ দুৰ্ঘটনাৰ পিছতেই শুকুৰবাৰে মাজুলীত উপস্থিত হয় দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালী। মাজুলীত উপস্থিত হয় গাৰ নোম শিয়ঁৰি উঠা পথ দুৰ্ঘটনা সন্দৰ্ভত মন্তৱ্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
উল্লেখ্য যে, সংঘটিত হয় যোৱা পথ দুৰ্ঘটনাটোৰ বাবে NHIDCL ক জগৰীয়া কৰে ভবেন্দ্ৰনাথ ভৰালীয়ে। দেৰগাঁৱ চাৰিআলিত এখন অভাৰ ব্ৰীজ দিবৰ বাবে বহুবাৰ কয় অহাৰ পিছতো তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই ব্ৰীজখন বনোৱা প্ৰসংগৰ পৰা আঁতৰি থকা বুলি কয় দেৰগাঁৱৰ বিধায়কগৰাকীয়ে।
আনহাতে বাহনসমূহৰ দ্ৰুতি কমাবলৈ বালিজানৰ দুৰ্ঘটনাস্থলীত এটি মন্দিৰ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে ভবেন্দ্ৰনাথ ভৰালীয়ে।