চিকিৎসকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা কিশোৰী

Share

গুৱাহাটী ১৩ ডিচেম্বৰ: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে লজ্জাজনক ঘটনা। মহানগৰীৰে এখন চিকিৎসালয়ত কৰ্মৰত এজন লম্পট চিকিৎসকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা কিশোৰী। জানিব পৰা মতে চিকিৎসা বৃত্তিত জড়িত চিকিৎসক জ্যোতিমৰ্য় ডেকা উজানবজাৰৰ হেপীভিলাৰ পূৰৱী কুন্তি ৰেচিডেন্সিৰ নিৱাসী । জ্যোতিমৰ্য় ডেকাই নিজ বাসগৃহতে ১৭ বছৰীয়া বনকৰা কিশোৰীগৰাকীক ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ এহাজাৰৰ ভিত্তিত লতাশিল থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(২)আৰু প’স্ক’ আইনৰ ৬ ধাৰাৰ অধীনত ২২৫(২৩)নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত লম্পট ডাক্তৰ জ্যোতিময় ডেকাক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গম পোৱা মতে ভুক্তভোগী কিশোৰীগৰাকীয়ে প্ৰায় চাৰিমাহ ধৰি চিকি९সক জ্যোতিমৰ্য় ডেকাৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে নিয়োজিত হৈ আছিল৷ বনকৰা কিশোৰীগৰাকীক আগৰেপৰা চিকি९সকজনে সুযোগ বুজি যৌন নিৰ্যাতন চলাই অহাৰ লগতে ধৰ্ষণ কৰিছিল  বুলি কিশোৰীগৰাকীয়ে এই কথা বান্ধৱী এজনীক অৱগত কৰিছিল৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ সন্দৰ্ভত চিকি९সকগৰাকীৰ পত্নীয়ে লতাশিল আৰক্ষীক অৱগত কৰিছিল৷৯ ডিচেম্বৰত পুৱা কিশোৰীগৰাকীয়ে বান্ধৱীৰ সহযোগত লতাশিল আৰক্ষী থানাত উপস্থিত হয় লগতে আৰক্ষী থানাত চিকি९সকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ কিশোৰীগৰাকীয়ে দিয়া ধৰ্ষণৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰি ১০ ডিচেম্বৰত অভিযুক্ত চিকি९সক জ্যোতিমৰ্য় ডেকাক গ্ৰেপ্তাৰ কৰাৰ পিছতে আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *