কাজিৰঙাত বিচৰণ কৰিছে এবিধ বিশেষ প্ৰজাতিৰ বান্দৰে

Share

কাজিৰঙাৰ  পথচাৰিৰ বাবে বিশেষ আকৰ্ষণ হৈ পৰিছে  বিশেষ প্ৰজাতিৰ বান্দৰ এবিধ । কাজিৰঙাৰ ৩৭ নং ৰাষ্টীয়  ঘাইপথেৰে যাত্ৰা কৰোতে হালধীবাৰী ,কাঞ্চনজুৰি আৰু পানবাৰী অঞ্চলত দেখা পোৱা যায় এই বিশেষ প্ৰজাতিৰ বান্দৰক ।এই প্ৰজাতিৰ বান্দৰ বিধৰ দেহৰ আকৃতি অন্য বান্দৰতকৈ কিছু পৃথক । সৰ্ব শৰীৰ দীঘল দীঘল নোমেৰে আৱৰি থকাৰ লগতে মুখমণ্ডলত নোমবোৰ হৈ থাকে টুপি আকৃতিৰ । সেয়েহে এই প্ৰজাতিৰ বান্দৰক কেপ লেংণ্ডৰ বা টুপি মুৰীয়া বান্দৰ হিচাপে জনা যায় ।

এই টুপি আকৃতিৰ বান্দৰ বিধৰ সামাজিক ভাবে বিচৰণ কৰা থলি হৈছে  মানস ৰাষ্ট্ৰীয় উদ্যান  ,গিবন অভয়াৰণ্য লগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গছসমুহতো বগাই থকা দেখা যায় টুপি মুৰীয়া বান্দৰসমুহক । এই বিশেষ প্ৰজাতিৰ বান্দৰবিধ এতিয়া সকলো পৰ্যটককাৰীৰে দৃষ্টি আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । কিয়নো গছৰ ডালে ডালে বগাই খাদ্য খোৱা ,জিৰণি লোৱা বা এটাই আনটোৰ সৈতে ধেমালি কৰা আদি দৃশ্য প্ৰত্যক্ষ দৰ্শীৰ বাবে হৈ পৰিছে আৰ্কষণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *