উচ্চতৰ মাধ্যমিকৰ অনলাইন নামভৰ্তি আবেদনৰ বাবে মুকলি এটা বিশেষ পৰ্টেল

Share

অসমৰ বিভিন্ন প্ৰতিষ্ঠানত ২০২৩-২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক (এইচএছ) প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া অনলাইনযোগে আৰম্ভ কৰা হ’ব। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ  নামভৰ্তিৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে ‘দৰ্পন’ নামৰ এটা পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে অনলাইন নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। ‘দৰ্পন’ নামৰ পৰ্টেলটো অহা ২৯ মে’ৰ পৰা ১৭ জুন, ২০২৩ লৈ উপলব্ধ কৰা হ’ব। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (এএইচএছইচি) এই কথা ঘোষণা কৰে।  উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে স্পষ্ট কৰে, ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী  সকলো বিদ্যালয়/মহাবিদ্যালয়ৰ দ্বাৰা কোনো অফলাইন নামভৰ্তি কৰা নহ’ব। ২০২৩-২৪ বৰ্ষৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আগষ্ট ২০২৩ৰ প্ৰথম সপ্তাহত আৰম্ভ কৰা হ’ব আৰু শিক্ষাৰ্থীসকলক “দৰ্পন” পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনুমতি দিয়া হ’ব।

উল্লেখযোগ্য যে, সকলো শিক্ষাৰ্থীসকলে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in  ৱেবচাইতৰ জৰিয়তে তেওঁলোকৰ নামভৰ্তিৰ বাবে  আবেদন অনলাইনত দাখিল কৰিবলৈ সক্ষম হ’ব।

নামভৰ্তি প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ তাৰিখবোৰ হৈছে:

1. আৱেদনকাৰীৰ দ্বাৰা অনলাইন আৱেদন দাখিল – মে ২৯ ৰ পৰা ৯ জুন

2. প্ৰতিষ্ঠানসমূহৰ দ্বাৰা বাছনি তালিকা/অপেক্ষা তালিকা প্ৰস্তুত কৰা – ১০ জুনৰ পৰা ১২ জুনলৈ

3. অস্থায়ী বাছনি তালিকা/অপেক্ষা তালিকা প্ৰকাশ (১৫ জুন, ২০২৩ লৈকে বৈধ ১২ জুন (মাজনিশা)

4. শিক্ষাৰ্থীসকলৰ দ্বাৰা নামভৰ্তিগ্ৰহণ – ১৩ ৰ পৰা ১৫ জুন

5. ‘দৰ্পন’ (অনলাইন) – ১৬ ৰ পৰা ১৭ জুনত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা নামভৰ্তিৰ নিশ্চিতি

Leave a Reply

Your email address will not be published. Required fields are marked *