প্ৰতিষ্ঠা হ’ব গুৰুজনাৰ নামত আসন,গঢ়ি তোলা হ’ব গৱেষণা কেন্দ্ৰ

Share

দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন । আৰু ইয়াৰ সৈতে এটি গৱেষণাকেন্দ্ৰও গঢ়ি তোলা হ’ব বিশ্ববিদ্যালয় খনত ।এই কথা ঘোষণা কৰে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
শিক্ষামন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে, দিল্লী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে শীঘ্ৰেই অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক চুক্তি কৰিব  আৰু এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে অসমৰ প্ৰাচীন সাহিত্য, ৰামায়ণী সাহিত্য সমুহ বিশ্ব দৰবাৰত প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰা হ’ব ।

উল্লেখযোগ্য যে  বৃহস্পতিবাৰে অসম বিধানসভা সদনত বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে মাধৱ কন্দলিৰ ৰামায়ণ সন্দৰ্ভত উত্থাপন কৰা এক বিষয়ৰ উত্তৰ দিবলৈ গৈ শিক্ষামন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ।

বিধায়ক বিশ্বজিৎ ফুকনে কয় যে, অসম চৰকাৰে ৪০০ বছৰ পিচত লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিছে, ঠিক তেনেদৰেই মাধৱ কন্দলিৰ সপ্তস্কন্ধ ৰামায়ণখনৰো প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰিব লাগে ।

Leave a Reply

Your email address will not be published. Required fields are marked *