এগৰাকী মাতৃয়ে ৬ বছৰীয়া পুত্রৰ বাবে তৈয়াৰ কৰিলে সময়সূচীৰ তালিকা , ৰুটিন অনুসৰণ কৰাৰ বাবদ পুত্রক দিয়া হ’ব ১০০ টকা! দেখি সকলোৱে ক’লে –”এনে মাতৃ সকলোৱে পাওঁক” 

Share
ডিজিটেল ডেস্ক, ২৮ এপ্রিলঃ শৈশৱ কালছোৱাত সাধাৰণতে পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক লৈ অসুবিধাত পৰা পৰিলক্ষিত হয় । কিয়নো তেওঁলোকে নিজৰ সময়সূচী তৈয়াৰ কৰি নলয় আনকি সময়সূচী তৈয়াৰ কৰিলেও সেই ৰুটিন অনুসৰণ কৰিবলৈ অনীহা প্রকাশ কৰে । কেতিয়া প্রতিদিনে উঠিব লাগে , কেতিয়া ৰাতিপুৱাৰ আহাৰ খাব লাগে , কেতিয়া গা ধুব লাগে , কেতিয়া পঢ়িব লাগে আৰু কেতিয়া শুব লাগে  তাৰ বাবে কোনো সময় নিৰ্ধাৰণ কৰা নহয় ।যাৰ বাবে , শিশুৱে কেতিয়া সময়মতে কাম কৰিব লাগে তাক লৈ অভিভাৱকসকল চিন্তিত হৈ পৰে ।
শৈশৱতে , আপুনিও হয়তো নিশ্চয় সময়সূচীৰ তালিকা প্রস্তুত কৰিছিল কিন্তু সময়তালিকা কেইদিনমানৰ বাবেহে অনুসৰণ কৰিব পাৰি আৰু তাৰ পাছত অৱনতি হ’ব পাৰে । কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত এখন ছৱি  সৰ্বত্রে ভাইৰেল হৈ আছে। য’ত এজন অভিভাৱকে তেওঁলোকৰ ছয় বছৰীয়া সন্তানটিৰ বাবে সময়সূচী তালিকা প্রস্তুত কৰিছে। লগতে ইয়াত শিশুটিৰো সন্মতি আছে নিৰ্ধাৰিত সময়সূচীৰ সৈতে। ছ’চিয়েল মিডিয়াৰ আন এক প্লেটফৰ্ম  ৰেডিটৰ একাউন্টত টাইম টেবুলৰ ভাইৰেল হোৱা ছৱিখনত লিখা আছিল যে —” মই আৰু মোৰ ৬ বছৰীয়া শিশুৱে আজি দৈনন্দিন সময়সূচী আৰু প্রদৰ্শন লিংক বোনাচৰ ওপৰত আধাৰিত কৰি এখন চুক্তি স্বাক্ষৰ কৰিছোঁ।”
অৰ্থাৎ মাতৃয়ে শিশুটোৰ সন্মতিৰ সৈতে এখন সময় তালিকা প্রস্তুত কৰিছে য’ত শিশুজনৰ খেল ,খোৱা – বোৱাৰ লগতে গাখীৰ খোৱা আদিৰ সময় নিৰ্ধাৰণ কৰা আছে ।সময় তালিকা অনুসৰি , এলাৰ্মৰ সময় পুৱা ৭.৫০ বজাত , আনহাতে বিচনাৰ পৰা উঠাৰ সময় ৰাতিপুৱালৈকে ৮ বজালৈকে ৰখা হৈছে । তাৰ পাছত ব্রাছ , ৰাতিপুৱাৰ আহাৰ , টিভি চোৱা , ফল খোৱা , গাখীৰ খোৱা , টেনিছ খেলা , হোমৱৰ্ক কৰা , ৰাতিৰ আহাৰ , পৰিষ্কাৰ কৰা , শোৱাৰ সময় আদি নিৰ্ধাৰণ কৰা হৈছে । কেৱল এয়াই নহয় , আটাইতকৈ আমোদজনক কথাটো হ’ল – শিশুটোৱে যদি দিনটো কান্দি অথবা চিঞৰ -বাখৰ নকৰাকৈ , দিনটো বস্তু ভঙা – চিঙা অবিহনে কটায় , তেন্তে ১০ টকা পাব । তদুপৰি , যদিহে ৰুটিন অনুসৰণ কৰোঁতে শিশুটোৱে কান্দোন , চিঞৰ – বাখৰ আৰু যুঁজ নকৰাকৈ একেৰাহে ৭ দিন অতিবাহিত কৰে তেন্তে ১০০ টকা পাব ।

3 thoughts on “এগৰাকী মাতৃয়ে ৬ বছৰীয়া পুত্রৰ বাবে তৈয়াৰ কৰিলে সময়সূচীৰ তালিকা , ৰুটিন অনুসৰণ কৰাৰ বাবদ পুত্রক দিয়া হ’ব ১০০ টকা! দেখি সকলোৱে ক’লে –”এনে মাতৃ সকলোৱে পাওঁক” 

  1. Sometimes some people compared with angels, but sometime angles are deserve to be a man like Ratanjee Tata. Salute, India proud that you are born in India. Actually you are real Ratan (Jewel) of India.

Leave a Reply

Your email address will not be published. Required fields are marked *