অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ : গামোচায়ে লাভ কৰিলে জি আই টেগ

Share

বছৰৰ শেষত অসমলৈ আহিল এক ভাল খবৰ । অসমৰ স্বাভিমান গামোছাই লাভ কৰে ভৌগোলিক সূচক (জি আই) টেগ। ভাৰত চৰকাৰৰ অধীনস্থ জিঅ’ গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰিছে এই স্বীকৃতি ৷ হস্ত-তাঁত বয়নশিল্প সঞ্চালকালয়ক প্ৰদান GI টেগৰ প্ৰমাণ পত্ৰ । এই খবৰে  অধিক উৎসাহিত কৰিছে অসমৰ শিপিনীসকলক ৷ উল্লেখযোগ্য যে  ভৌগোলিক ইংগিত (GI) হৈছে কোনো নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে মিল থকা সামগ্ৰীৰ ওপৰত ব্যৱহৃত টেগ বা চিন।

এই কথা ১৩ ডিচেম্বৰ ২০২২,  মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  টুইটাৰ যোগে সদৰি কৰি কয় । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ গৌৰৱ, উজলি উঠক ! আমাৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ উপযুক্ত স্বীকৃতি পালে গামোছাই । অসমৰ বিশ্বব্যাপী প্ৰতীক হিচাপে পৰিগণিত হোৱা এই বিশেষ সম্পদটোয়ে হাজাৰ হাজাৰ শিপিনীলৈ আনন্দ কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত সকলোকে অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীয়ে ।        

অনহাতে এয়া অসমৰ বাবে এক গৌৰৱ ক্ষণ বুলি অভিহিত কৰিছে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৰ্তমান সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে অসমীয়া গামোছা । অসমীয়া শিপিনীয়ে বোৱা গামোছা এক সাংস্কৃতিক পৰিচয় য’ত ৰাজ্যবাসীয়ে আনক সন্মান জনোৱাৰ উপায় হিচাপে আনক আগবঢ়াই দিয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *