নিউজ ডেস্ক, ৬ আগষ্টঃ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে দিছপুৰ খেলপথাৰত ৫ আগষ্ট তাৰিখে লোককল্যাণ দিৱস আয়োজিত কৰা হয়। এই অনুষ্ঠানটিত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানটিৰ জৰিয়তে সমাজৰ প্ৰতি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে সেৱা আগবঢ়াই যোৱা ১০ গৰাকী কৰ্মচাৰীক লোকসেৱা বঁটাৰে সন্মানিত কৰা হয়। লগতে এই বঁটা লাভ কৰা প্ৰত্যেকজন কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল এবছৰ বঢ়াই দিয়া হৈছে।
এই অনুষ্ঠানটিত মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে, ” কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব। তেওঁলোক আমাৰ মাজত নাই বুলি আমি ধৰি লম।সচিবালয়ত কাম কৰিলে ডিজিটেলৰ কাম জানিবই লাগিব।২ অক্টোবৰৰ পৰা সকলো কৰ্মচাৰীয়েই ভাবি লওক আমি নতুন জীৱন আৰম্ভ কৰিম”।লগতে তেওঁ কয় যে ,” কম্পিউটাৰ শিকিব নোখোজাসকলে নিৰ্দিষ্ট সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক। কম্পিউটাৰ নিশিকোঁ বুলিয়ে ঘৰতে বহিলেও দৰমহা পাব। অফিচলৈ আহিলে কম্পিউটাৰ জানিবই লাগিব “।
উল্লেখযোগ্য যে, ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো কাম ডিজিটেল হ’ব। সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো কাম নিষ্পত্তি হ’ব ।