গুৱাহাটীবাসীলৈ এক সুখবৰ, গুৱাহাটীবাসীক ৰাজ্য চৰকাৰে দিলে উপহাৰ

Share
নিউজ ডেস্কঃ মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন উদ্যান মুকলি কৰে। উদ্যান খনৰ নাম হ’ল ‘ অমৃত উদ্যান’।এই উদ্যানখন প্ৰায় ৬০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “মহানগৰীত অতি শীঘ্ৰেই আৰু তিনিখন উদ্যানৰ নিৰ্মাণ কৰা হ’ব। লগতে তেওঁ কয় যে অহা ডিচেম্বৰ মাহত মাছখোৱা বটানিকেল উদ্যানখন মুকলি কৰা হ’ব। তেওঁ জনায় যে, উদ্যানখনৰ পৰিকল্পনা ২০১৫ চনতেই আৰম্ভ কৰা হৈছিল।”

অনুষ্ঠানটিত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে,  ” কংগ্ৰেছে স্বাধীনতা আন্দোলন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা স্বাধীনতা সংগ্ৰাম চলি আছিল। প্ৰথমে স্বাধীনতা আন্দোলন কৰিছিল জনজাতিয়  লোকসকলে। গুৱাহাটীত শুংবোধন থাংলুৰ মুৰ্তি কোনেও বনোৱা নাছিল। অমৃত উদ্যানত তেওঁৰ প্ৰথমটো প্ৰতিমূৰ্তি বনোৱা হৈছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *