অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক সুখবৰ। চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজনৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়সূচী অনুসৰি অহা ১৫ মে’ত চলিত আইপিএল ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। মেচখন ৰাজস্থান আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব। একেদৰে ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনষ্ঠিত হ’ব। এইখন মেচ ৰাজস্থান ৰয়েলছৰ চলিতবৰ্ষৰ অন্তিম লীগ মেচ হ’ব। উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজনত গুৱাহাটীত দুখনকৈ মেচ অনুষ্ঠিত হৈছিল। ২০২৩ বৰ্ষত ৰাজস্থান ৰয়েলেছে পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিছিল।