সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততে কাৰ্যকৰী কৰা হ’ল এক নতুন নিৰিখ। মোডী চৰকাৰে সমগ্ৰ দেশবাসীলৈ কঢ়িয়াই আনিছে এক বৃহৎ সকাহ। ৰন্ধন গেছৰ পিছতে এইবাৰ হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আৰু এই নতুন নিৰিখৰ সিদ্ধান্ত গ্ৰহন কৰিছে মোডী চৰকাৰে।
প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত ২ টকাকৈ মূল্য হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। নিৰ্বাচনৰ প্ৰাকক্ষণতে মোডী চৰকাৰে এটাৰ পিছত আন এটা ভাল খবৰ দি গৈছে দেশৰ সাধাৰণ জনতাক। যান-বাহন চালকসকলৈও এইবাৰ সুখৰ বতৰা লৈ আহিছে মোডী চৰকাৰে। তেল বিপনত কোম্পানীবোৰে জনাইছে যে তেওঁলোকে সমগ্ৰ দেশতেই পেট্ৰল-ডিজেলৰ মূল্য সংশোধন কৰিছে। উল্লেখযোগ্য যে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিলে গ্ৰাহকৰ ব্যয় বৃদ্ধি হ’ব লগতে ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ পিছত ৬ কোটি গাড়ী আৰু ২৭ কোটি দুচকীয়া বাহনত চলি থকা ৫৮ লাখতকৈও অধিক গধূৰ মাল বাহনৰ পৰিচালনা ব্যয় হ্ৰাস হ’ব।