পিতৃ- মাতৃসকলৰ বাবে আহিল এক সুবৰ্ণ সুযোগ ; সলনি হ’ল সুকন্যা যোজনাৰ  ৫ নিয়ম, এতিয়াৰে পৰা কন্যাৰ ভৱিষ্যত গঢ়ি তোলা আৰু সহজ !

Share
গুৱাহাটী,২১ এপ্রিলঃ সুকন্যা সমৃদ্ধি যোজনা হৈছে ক্ষুদ্র সঞ্চয় আঁচনি শ্রেণীৰ এক জনপ্রিয় সঞ্চয় আঁচনি । আঁচনিখন অনুসৰি ১০ বছৰতকৈ কম বয়সৰ ছোৱালীসকলে নিজৰ নামত একাউন্ট এটাকৈ খুলিব পাৰে । ১০ বছৰৰ তলৰ কন্যা থকা পিতৃ – মাতৃৰ বাবে এই সুবৰ্ণ সুযোগ । কিয়নো এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সুকন্যা সমৃদ্ধি যোজনা সম্পৰ্কে লৈ আনিছে ৫ টা গুৰুত্বপূৰ্ণ আমূল পৰিৱৰ্তন । সেই পৰিৱৰ্তনকেইটা হৈছে ক্রমে— প্রথমে , এতিয়াৰে পৰা ডিফল্ট নহ’ব একাউন্টতো । সুকন্যা সমৃদ্ধি যোজনাত প্রতিবছৰে কমেও ২৫০ টকা আৰু সৰ্বাধিক ১.৫ লাখ টকা জমা দিয়াৰ ব্যৱস্থা আছে। পূৰ্বতে যদি নিম্নতম পৰিমাণৰ ধধ জমা কৰা নহয় তেন্তে একাউন্টতো ডিফল্ট হৈছিল ।
দ্বিতীয়তে , পূৰ্বতে আঁচনিখনত দুগৰাকী কন্যাৰ বাবে ৮০ চি-ৰ অধীনত কৰ ৰেহাইৰ ব্যৱস্থা আছিল । কিন্তু এইবাৰ আহিল তৃতীয় কন্যাৰ একাউন্টত কৰ ৰেহাই । এতিয়া যদি এজনী ছোৱালীৰ পিছত দুগৰাকী যমজ কন্যা থাকে  , তেওঁলোক দুয়োৰে বাবে একাউন্ট খোলাৰ ব্যৱস্থা আছে আৰু কৰ ৰেহাই থাকিব । তৃতীয়তে , এতিয়াৰে পৰা ১৮ বছৰ বয়সতহে এজনী ছোৱালীয়ে নিজৰ একাউন্ট এটা চলাব পাৰিব । ১৮ বছৰ সম্পূৰ্ণ নোহোৱাৰ পূৰ্বে পিতৃ- মাতৃয়ে চলাব পাৰিব কন্যাৰ এই একাউন্ট।  তদুপৰি , যদি কন্যাৰ মৃত্যু হয় নতুবা তাইৰ ঠিকনা সলনি হয় তেন্তে সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্টতো আগতে বন্ধ কৰিব পাৰিছিল । কিন্তু এতিয়া একাউন্ট বন্ধ কৰাতো সহজ হৈ পৰিল ।
পঞ্চমতে, নতুন নিয়মৰ অধীনত , ভূল সূতৰ বাবে একাউন্টৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা  আঁতৰ কৰা হৈছে । ইয়াৰ উপৰিও প্রতিটো বিত্তীয় বৰ্ষৰ শেষত একাউন্টতোৰ বাৰ্ষিক সূত জমা কৰা হ’ব । উল্লেগযোগ্য যে , মোডী চৰকাৰে ২০১৫ চনতে ‘বেটি বচাও – বেটি পঢ়াও’ অভিযানৰ অধীনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল । আৰু এই আঁচনিখনত বিনিয়োগে বছৰি ৭.৬ শতাংশ সূত লাভ কৰে ।২৫০ টকাতে খুলিব পৰা একাউন্টতো শিশুটিৰ বয়স ২১ বছৰ হ’লে সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত জমা কৰা পৰিমাণ পৰিপক্ক হয় । অৰ্থাৎ ২১ বছৰৰ পিছত টকা উলিয়াব পাৰে ।তদুপৰি কন্যাৰ শিক্ষাৰ বাবেও ৫০ শতাংশলৈকে ধন উলিয়াব পাৰে ।

One thought on “পিতৃ- মাতৃসকলৰ বাবে আহিল এক সুবৰ্ণ সুযোগ ; সলনি হ’ল সুকন্যা যোজনাৰ  ৫ নিয়ম, এতিয়াৰে পৰা কন্যাৰ ভৱিষ্যত গঢ়ি তোলা আৰু সহজ !

Leave a Reply

Your email address will not be published. Required fields are marked *