এফালে বিধ্বস্ত বান ! আনফালে মূল্যবৃদ্ধিৰ জোৱাৰ , পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম , কি হ’ব সাধাৰণ জনতাৰ ?

Share
গুৱাহাটী,২০ মে’ঃ গ্ৰাহকৰ ওপৰত পুনৰ মাধমাৰ । প্রতিবিধ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ মাজতে আকৌ এবাৰ বৃদ্ধি পালে ৰন্ধন গেছৰ  চিলিণ্ডাৰৰ দাম । এল পি জি চিলিণ্ডাৰৰ দাম এমাহত দ্বিতীয়বাৰৰ বাবে আৰু দুমাহতকৈও কম সময়ত তৃতীয়বাৰৰ বাবে কৰা হ’ল বৃদ্ধি । কেৱল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামেই নহয় , বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো বৃদ্ধি পাইছে অভাৱনীয় হাৰত । ঘৰুৱা এল পি জি গেছৰ দাম প্রতি চিলিণ্ডাৰত ৩.৫০ টকা আৰু সমান্তৰালকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হয় ৮ টকালৈ । এতিয়া ঘৰুৱা ৰন্ধন গেছৰ নতুন দাম ১,০০৩ টকালৈ বৃদ্ধি পালে ।
তদুপৰি, যোৱা সাত মে’ত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছিল ৫০ টকাকৈ । যোৱা বছৰৰ জানুৱাৰীত ঘৰুৱা ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম আছিল ৬৯৪ টকা ।ফেব্রুৱাৰীত ই পুনৰ ৭৬৯ টকালৈ বৃদ্ধি হয় । ২০২১ চনৰ এপ্রিলৰ পৰা প্রতিটো চিলিণ্ডাৰৰ দাম এতিয়ালৈকে বৃদ্ধি পালে ১৯৩.৫০ টকা । মুঠতে , সম্প্রতি এনেদৰে বৃদ্ধি পাই গৈ এই দামে এহেজাৰ টকা অতিক্রম কৰিলে । পিছে এনে অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মাজত একপ্রকাৰ উদ্বেগ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ মধ্যবিত্ত শ্রেণীৰ লোকসকল বাৰুকৈয়ে চিন্তিত হৈ পৰা দেখা গৈছে। কিয়নো , এফালে চাউল, দাইল, মিঠাতেলৰ পৰা আৰম্ভ কৰি শাক- পাচলিলৈকে সকলোৰে মূল্যবৃদ্ধি । আনফালে তাৰ মাজতে আকৌ দুই – তিনি মাহৰ মূৰে – মূৰে বৃদ্ধি পাবলৈ ধৰিছে চিলিণ্ডাৰৰ মূল্য ।

Leave a Reply

Your email address will not be published. Required fields are marked *