দক্ষিণ কোৰিয়াৰ মুৱানত এক ভয়ংকৰ বিমান দুৰ্ঘটনা

Share

২৯ ডিচেম্বৰ দেওঁবাৰে বেংককৰ পৰা মুৱান অভিমূখে আহি থকা  দক্ষিন কোৰিয়া এয়াৰ লাইনৰ ‘জেজু এয়াৰ’ৰ ৭চি ২২১৬ বিমানখনত ইঞ্জিনৰ বিস্ফোৰণৰ ফলত অগ্নিৰ সূত্ৰপাত ঘটি দুৰ্ঘটনাগ্ৰস্ত হয়।বিমানখনত ১৭৫ গৰাকী যাত্ৰী আৰু ৬গৰাকী বিমানকৰ্মী আছিল।ইয়াৰে ১৭৭ গৰাকী আৰোহীয়ে দুৰ্ঘটনাত মৃত্য়ুক সাবতি লয়।দুগৰাকীৰ জীৱন সুভাগ্যক্ৰমে ৰক্ষা পৰে যদিও তেওঁলোক বৰ্তমান চিকিৎসাধীন ।দেওঁবাৰে বিমানখনৰ অৱতৰণৰ আগমুহূৰ্তত আকাশতে এখন পাখিত ইঞ্জিনৰ বিস্ফোৰণ ঘটি সামান্য জুই লাগিছিল।তেনে অৱস্থাত পাইলটে বিমানখনক ৰানৱেত অৱতৰণ কৰায় যদিও বিমানখন কিছুদূৰ ৰানৱেত চলি আহি ভাৰসাম্য হেৰুৱাই ৰানৱেৰ কাষৰ ওখ ফেন্সিঙৰ দেৱালত খুন্দা মাৰে আৰু ৰানৱেত চলি গৈ থকা অৱস্থাত  বিমানখন জ্বলি উঠি বিস্ফোৰিত হয়।এই দুৰ্ঘটনাত নিহত যাত্ৰীসসকলৰ মাজত ৮৫গৰাকী মহিলা আৰু ৮৪গৰাকী পুৰুষ আছিল।ইয়াৰে কেৱল ৬৫গৰাকীৰ শৰীৰহে চিনাক্ত হৈছে।সেয়েহে এই শোকাৱহ দুৰ্ঘটনাৰ বাবে দক্ষিন কোৰিয়াৰ চৰকাৰে চাৰি দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।এই ঘটনাৰ পিছতে দক্ষিন কোৰিয়াৰ অস্থায়ী ৰাষ্ট্ৰপতি চই ছাংমকে দেওঁবাৰে দুৰ্ঘটনাস্থলীলৈ যাত্ৰা কৰাৰ পূৰ্বতে কেবিনেট সদস্যসকলৰ লগত আলোচনাত মিলিত হয়।লগতে যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল যদিও এই বিজুতিৰ আঁৰত জড়িত থকা তথ্যবোৰ জানিবৰ বাবে তদন্তৰ ব্যৱস্থা কৰিছে । ইয়াৰ লগতে নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে,চাৰিদিন পূৰ্বে আজাৰবাইজানৰ এখন যাত্ৰীবাহী বিমান চেছনিয়ালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ ৩৮জন যাত্ৰী নিহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *