অসমৰ এখন অপৰাধ মুক্ত গাঁও,যʼত আজিলৈকে যোৱা নাই আৰক্ষী 

Share

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণ আদিৰ দৰে ঘটনা সংঘটিত হৈছে অসমত। তাৰ মাজতে পোহৰলৈ আহিছে অসমৰ এখন গাঁওৰ নাম ।

স্বাধীনতাৰ পাছত ১৯৪৯চনত প্ৰতিষ্ঠা লাভ কৰিছিল এইখন গাঁওখনে।এই গাঁওখন আছে গহপুৰত।গহপুৰৰ এই গাঁও খনৰ নাম ডুবিয়া কাৰ্বি গাঁও। কাৰ্বি জনগোষ্ঠীয় লোকে বসবাস কৰা গাঁওখনৰ ৰাইজে বৰ্তমানলৈকে যাতায়ত, খোৱাপানীকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ বসবাস কৰি আহিছে যদিও অৰ্থনৈতিক কাৰ্যকলাপ অথবা হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱা নাই লগতে কোনো অপৰাধজনিত ঘটনাৰ বাবে আৰক্ষীৰ লোক প্ৰৱেশ কৰিব লগা হোৱা নাই বুলি স্থানীয়লোক সকলে প্ৰকাশ কৰে এই কথা।

কোনো অপৰাধজনিত ঘটনা, অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত নোহোৱা, প্ৰকৃতাৰ্থত এখন আদৰ্শ গাঁও বুলি ক’ব পৰা ডুবিয়া কাৰ্বি গাঁওখনক।

Leave a Reply

Your email address will not be published. Required fields are marked *