UPSCত উত্তীৰ্ণ হ’ল দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবল

Share

যত্ন কৰিলে ৰত্ন পায়। এই কথাফাঁকি সঁচা প্ৰমানিত কৰিলে দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী হেড কনিষ্টবলে। মঙলবাৰে ঘোষণা কৰা ইউ পি এছ চিৰ ফলাফলত উত্তীৰ্ণ হৈছে দিল্লীৰ এগৰাকী হেড কনিষ্টবল। এইজন হেড কনিষ্টবলৰ নাম হৈছে ৰাম ভজন কুমাৰ। ৰাম ভজনে ৬৬৭ ৰেংক লাভ কৰিছে।  এবাৰ দুবাৰ নহয় মুঠ আঠবাৰকৈ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ কষ্টৰ ফল যে মিঠা তাৰ প্ৰমাণ কৰিলে এই গৰাকী ব্যক্তিয়ে।

উত্তীৰ্ণ হোৱাৰ পিছতেই ৰাম ভজনে এক সাক্ষাৎকাৰত কয় যে, “মই কেতিয়াও কল্পনা কৰা নাছিলো যে সফলতা লাভ কৰিম।  লগতে তেওঁ কয়, মই দিল্লী আৰক্ষী সেৱাত যোগদান নকৰালৈকে ইউপিএছচি কি সেয়াও নাজানিছিলো। মই কেৱল এয়াই জানিছিলো যে মোৰ বৰ্তমানৰ পৰিস্থিতি সলনি কৰিবলৈ হলে মই সঁচাকৈয়ে অন্য চিন্তা কৰিব লাগিব।”

তদুপৰি ৰাম ভজনে কয় যে তেওঁ এই পৰীক্ষাৰ বাবে এজন আৰক্ষী বিষয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল। যি জনে কৰ্মৰত অৱস্থাতে ইউ পি এছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

ৰাম ভজনে ২০০৯ চনত দিল্লী আৰক্ষীত যোগদান কৰিছিল। তেওঁ চাইবাৰ অপৰাধৰ এক বিশেষ গোট ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচত কাম কৰিছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *