অশান্ত হৈ পৰিল পাকিস্তান, পুনৰ এক বোমা – বিস্ফোৰণৰ ঘটনাই কঁপালে সমগ্র ইছলামিক ৰাষ্ট্ৰখনক

Share
ডিজিটেল ডেস্ক, ৫মাৰ্চঃ পাকিস্তানত সংঘটিত বোমা বিস্ফোৰণৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ পাকিস্তানত সংঘটিত হ’ল ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। শুকুৰবাৰে বিয়লি পাকিস্তানৰ এটা মছজিদত সংঘটিত হ’ল এক শক্তিশালী বোমা বিস্ফোৰণ। বিস্ফোৰণত ৩০ জন লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোহৰলৈ আহে। উল্লেখ্যযোগ্য যে, উক্ত বিস্ফোৰণত বৰ্তমানৰলৈকে ৫৭ জন লোকে মৃত্যুক সাৱতি ল’ব লগাত পৰে। 
আলি হাইদৰ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “শুকুৰবাৰে জুম্মা নামাজৰ বাবে বহুলোকে মছজিদত গোট খাইছিল আৰু তেতিয়াই এজন বন্দুকধাৰী লোকে মছজিদত প্ৰৱেশ কৰি ধাৰাষাৰ গুলিবৰ্ধন কৰে আৰু তাৰ পিছতেই সেই বন্দুকধাৰী লোকজনেই মছজিদত বোমা বিস্ফোৰণ ঘটায়।”
পাকিস্তাৰ গৃহমন্ত্ৰী শ্বেখ ৰাছিদ আহমেদে এই বিস্ফোৰণৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে উচিত ব্যৱস্থা গ্ৰহণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পাকিস্তানৰ জনতাক। 

Leave a Reply

Your email address will not be published. Required fields are marked *