এটা বইল কণীয়ে লগালে কাজিয়া, হাউলীৰ অংগনবাড়ী কেন্দ্ৰত হাহাঁকাৰ পৰিস্থিতি

Share
নিউজ ডেস্কঃ    এটা কণী সিজোৱা হৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় তথা মাৰপিটৰ ঘটনা সংঘটিত হয় হাউলীৰ কালঝাৰ গাওঁৰ ২ নং অংগনবাড়ী কেন্দ্ৰত। এটা সিজোৱা কণীক লৈ সৃষ্টি হোৱা তৰ্কাতৰ্কিয়ে অৱশেষত ল’লে প্ৰচণ্ড মাৰপিটৰ ঘটনা। 
উল্লেখ্য যে, অংগনবাড়ী কেন্দ্ৰটোত শিশুসকলৰ মাজত বিতৰণ কৰা হৈছিল সিজোৱা কণী। এনেতে কেন্দ্ৰটোত উপস্থিত হৈ হাফিজুৰ খান আৰু তেওঁৰ পত্নী চান ভানু খাতুনে কেন্দ্ৰটোৰ কৰ্মীসকলক দাবী কৰিলে যে, তেওঁলোককো লাগে এটা সিজোৱা কণী। পিছে কেন্দ্ৰত উপস্থিত নথকা কোনো শিশুৰ নামত কণী দিয়া ন’হব বুলি কোৱাৰ পিছত এই কেন্দ্ৰটোত দুই স্বামী-স্ত্ৰীয়ে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *