নিউজ ডেস্ক, ২৩ আগষ্টঃসোমবাৰে নেতাজী ইণ্ডৰ ষ্টেডিয়ামত দুৰ্গা পূজা আয়োজক সমিতিৰ সদস্যসকলৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে পশ্চিমবংগ চৰকাৰৰ তৰফৰ পৰা ৰাজ্যখনত এইবাৰ পূজাৰ বন্ধ ৩০ ছেপ্তেম্বৰৰ পৰা ১০ অক্টোবৰলৈ ঘোষণা কৰাৰ লগতে প্ৰতিখন পূজা কমিটীলৈ ৬০ হাজাৰকৈ টকা আৰ্থিক সাহাৰ্য্য ৰূপে আগবঢ়াব ৷
তদুপৰি মমতা বেনাৰ্জীয়ে সকলো পূজা আয়োজকক তেওঁলোকৰ চহৰ ভ্ৰমণৰ সময়ত বিদেশী পৰ্যটকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া চোৱা চিতা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।
উল্লেখ্য যে , পূৰ্বতে প্ৰতিখন পূজা কমিটিলৈ পশ্চিমবংগ চৰকাৰৰ তৰফৰ পৰা ৫০ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰা হৈছিল ৷ চলিত বৰ্ষত ৬০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে সাহাৰ্যৰ পৰিমান ৷