অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই প্ৰতিভাবান মহিলা বস্কাৰে । গুজৰাটত চলি থকা ৩৬ সংখ্যক নেশ্য়নেল গেমছত চমকপ্ৰদৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলিনা বৰগোঁহাই আৰু অংকুশিতা বড়োয়ে । আশা কৰা ধৰণেৰে মহিলাৰ ৱেণ্টাৰৱেইট শাখাত নিজৰ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই হাৰিয়ানাৰ স্বীতি বুৰাক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিলে অসমৰ জীয়ৰী টকি’অ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী লাভলিনা বৰগোঁহাই ।
ইফালে ইয়াৰ পূৰ্বে আজিৰ দিনটোতে নেশ্য়নেল গেমছত মনিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে আনএগৰাকি অসম কন্যা অংকুশিতা বড়োয়ে । উল্লেখযোগ্য যে অসমৰ আন তিনিগৰাকি প্ৰতিভাৱান বস্কাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো , ফাইলাও বসুমতাৰীয়ে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছে ।