অসম— অৰুণাচল সীমা বিবাদক লৈ দুই ৰাজ্যৰ মন্ত্ৰীৰ মাজত সোমবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷ গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দুই ৰাজ্যৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক৷এই বৈঠকত উপস্থিত থাকে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ মন্ত্ৰী মামা নাটুং৷
এই বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে যোৱা ছেপ্তেম্বৰ মাহত অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তৰ চাৰিখন গাঁৱৰ পৰিদৰ্শলনৰ ওপৰত ভিত্তি কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷ লগতে তেওঁ কয় যে দুয়োখন ৰাজ্যৰ মাজেৰে এই সীমা বিবাদৰ সমাধানৰ সিদ্ধান্তত উপনীত হ’ব চৰকাৰ আৰু অসম অৰুণাচলৰ দুয়োগৰাকী মন্ত্ৰীয়ে নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব প্ৰতিবেদন । তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকা।