দেশৰ ৰাষ্ট্রপতিৰ নিৰাপত্তাত চাৰিগৰাকী অসম কন্যা, গৌৰৱান্বিত অসমীয়া

Share
চাৰিগৰাকী অসম কন্যাৰ জয়যাত্রা। সপোন শিখৰত অসম কন্যা। তেওঁলোকৰ কৰ্ম আৰু  দায়িত্বই  গৌৰৱান্বিত কৰি তুলিছে অসমবাসীক। দেশৰ ৰাষ্ট্রপতিৰ পৰা প্রধানমন্ত্রী ,গৃহমন্ত্রী,ভিভিআইপিৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে সিহঁতে। সিহঁতৰে কৰ্ম আৰু দায়িত্বৰে অসমবাসীক গৌৰৱান্বাবিত কৰা এই চাৰিগৰাকী অসম কন্যা হৈছে ধেমাজিৰ ইৰাণী চুতীয়া, হেপী বুঢ়াগোঁহাই, শিৱসাগৰৰ কল্পনা দাস আৰু গুৱাহাটী সোণাপুৰৰ জ্যোতি বৰা।
প্রথমে পৰীক্ষা , তাৰ পাছত প্রশিক্ষণৰ সফল সমাপ্তি , এতিয়া ৰাষ্ট্রপতিৰ পৰা ভিভিআইপিৰ দৰে নিযুক্তিত নিয়োজিত  এই চাৰিগৰাকী অসম কন্যা। উল্লেখযোগ্য যে ২০১৯ চনতে দিল্লী আৰক্ষীয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অসমৰ ৪১ গৰাকী যুৱতীৰ ভিতৰত আছিল এই চাৰিগৰাকী যুৱতী। দিল্লী আৰক্ষীৰ বেটেলিয়ানৰ পৰা বিশেষ নিৰাপত্তাত অসমৰ চাৰিগৰাকী যুৱতী।এটাৰ পাছত এটাকৈ কঠোৰ অনুশীলনৰ জৰিয়তে দায়িত্ব সম্পাদন কৰা চাৰিগৰাকী অসম কন্যা এতিয়া শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্রপতিগৰাকীৰ নিৰাপত্তাৰ গধুৰ দায়িত্বত নিয়োজিত হৈ আছে।   

Leave a Reply

Your email address will not be published. Required fields are marked *