গুৱাহাটী,৭অক্টোবৰ : আন্তৰ্জাতিক বজাৰত আকৌ এবাৰ বিধ্ৱস্ত অৱস্থাত দেখিবলৈ পোৱা গৈছে ভাৰতীয় মুদ্ৰা। বিপদে লগ এৰাৰ নাই ভাৰতীয় মুদ্ৰাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই সুতৰ হাৰ বৃদ্ধি কৰোৱাৰ বাবে টকাৰ এই বিধ্ৱস্ত অৱস্থা হোৱা বুলি উল্লেখ কৰিছে ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰ কোষা গাৰৰ মুৰব্বী অনিল ভানঞ্চলিয়ে।এই সুতৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে ২০ বছৰৰ ভিতৰত আকৌ এবাৰ আটাইতকৈ শোচনীয় অৱস্থা ভাৰতীয় মুদ্ৰাৰ।আনহাতে, কোৱান্টৱাৰ্ট মাৰ্কেটিং চল্যুশ্ৱনৰ সঞ্চালক সমীৰ লোধাৰৰ মতে , প্ৰতি ডলাৰৰ বিপৰীতে ৮০ ৰ ওপৰত টকাৰ মুল্য বৃদ্ধি সন্দৰ্ভত ৰিজাৰ্ভ বেংকে যদি নিৰৱ হৈ থাকে তেন্তে আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে অতি শীঘ্ৰে ৮২ টকাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।