অৱশেষত উত্তৰাখণ্ডত উদ্বাৰ হ’ল পৰ্বত ভাল পোৱা ছোৱালীজনীৰ মৃতদেহ।

Share

গুৱাহাটী,৮ অক্টোবৰ : ৪ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছিল দীপশিখা।  অৱশেষত হিমৰ মাজত উদ্বাৰ হল দীপশিখাৰ মৃতদেহ। ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰ কাশীলৈ ৰাওনা হৈছিল। হিমস্খলনৰ ঘটনা  সংঘটিত হোৱাৰ ৩ দিন পাছত শেষত সন্ধান ওলাল অসম কন্যা দীপশিখাৰ ।শনিবাৰে চলোৱা উদ্বাৰ অভিযানত সন্ধান ওলাল অসম জীয়ৰী দিপশিখাৰ।

উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লবলৈ গৈছিল দীপশিক্ষা। পৰ্বতাৰোহী এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰ কাশীত থকা নেহেৰু ইনস্টিটিউট অফ মাউন্টেনিয়াৰিং চমুকৈ এন.আই.এমত নামভৰ্তী কৰিছিল দীপশিখাই । কিন্ত উত্তৰাখণ্ডত হোৱা হিমস্খলনত প্ৰাণ হেৰুৱাব লগা হল দিপশিখা হাজৰীকা।

দীপশিখাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ’ব। ইতিমধ্যে দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ উপস্থিত হৈছে উত্তৰাখণ্ডত ।

Leave a Reply

Your email address will not be published. Required fields are marked *