৩ দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Share

গুৱাহাটী, ৭ অক্টোবৰ : ৩ দিনীয়া ভ্ৰমনসূচীলৈ আজি বিয়লি ৭ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা । ৮ অক্টোবৰত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত নৱ নিৰ্মিত বিজেপি কাৰ্য্যালয়ৰ উদ্বোধন কৰিবলৈ আজি গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ৮ অক্টোবৰত দিনৰ ১০ বজাত নৱ নিৰ্মিত বিজেপিৰ কাৰ্য্যালয় উদ্বোধন কৰাৰ পিছতে খানাপাৰাৰ জন সমাৱেশত অংশ লব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

লগতে তেওঁ উত্তৰ-পূব ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী আৰু NCB তথা বিভিন্ন সংস্থা সমূহৰ লগত এক আলোচনাত মিলিত হ’ব। ইয়াৰ উপৰিও ৯ অক্টোবৰত তেওঁৰ দেৰগাওঁস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক হব লগতে অসমৰ বাহিৰৰ কেইবাখনো বৈঠকত অংশ গ্ৰহণ কৰিব । 

Leave a Reply

Your email address will not be published. Required fields are marked *