বৃদ্ধাশ্ৰমত অন্নদান কাৰ্যসূচী

Share

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: গুৱাহাটীৰ প্ৰাগজ্যোতিষ ফাউণ্ডেচনৰ উদ্যোগত ২৮ চেপ্তেম্বৰ, বুধবাৰে বেলতলা স্থিত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল বৃদ্ধাশ্ৰমত এক অন্নদান কাৰ্যসূচী লোৱা হয়। ফাউণ্ডেচনৰ সভাপতি মনিষা বেগমৰ জন্মদিন উদযাপনৰ উদ্দেশ্যে সকলো সদস্যই গৈ বৃদ্ধাশ্ৰমৰ ৬৩ গৰাকী বৃদ্ধা তথা অন্য কৰ্মচাৰীৰ মাজত দিনৰ আহাৰ যোগান ধৰে। লগতে সমূহ বৃদ্ধাৰ লগত গান, নাচ, আড্ডা তথা ধেমালিৰে দিনটো অতিবাহিত কৰে। প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ উদ্যোক্তা উৎপল তালুকদাৰে প্ৰাগজ্যোতিষ ফাউণ্ডেচনৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে আইতা সকলে আশীৰ্বাদ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *