যিসকলে ‘সপোন বিক্রি কৰে’ তেওঁলোকে কেতিয়াও গুজৰাটত জিকিব নোৱাৰেঃ গৃহমন্ত্রী অমিত শ্বাহ

Share

মঙলবাৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীক সমালোচনা কৰে গৃহমন্ত্রী অমিত শ্বাহে । সমাগত গুজৰাট বিধানসভা নিৰ্বাচন।ডিচেম্বৰত হ’ব গুজৰাটৰ বিধানসভা নিৰ্বাচন। ভূপেন্দ্র পেটেল মুখ্যমন্ত্রী হিচাপে এবছৰ হোৱা উপলক্ষে গান্ধীনগৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি আপক সমালোচনা কৰি গৃহমন্ত্রী অমিত শ্বাহে কয় যে- “সপোন বিক্রি কৰাসকলে গুজৰাটত কেতিয়াও জিকিব নোৱাৰে”।তদুপৰি ভাৰ্চুৱেল অনুষ্ঠানটোত মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ নেতৃত্বক প্রশংসা কৰি গৃহমন্ত্রী অমিত শ্বাহে কয় যে-“দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গুজৰাটত পুনৰ চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। গুজৰাটৰ লোকসকলক মই জানো।গুজৰাটত সপোন বিক্রেতাই কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে।কাৰণ কামত বিশ্বাস কৰাসকলক মানুহে সমৰ্থন কৰে। মানুহ বিজেপিৰ সৈতে সেইকাৰণে আছে। বিপুল ভোটত জয়ী হ’ব বিজেপি।”

Leave a Reply

Your email address will not be published. Required fields are marked *