ভয়ংকৰ  ঘটনা!  চলন্ত গাড়ী  ওপৰত  বাগৰি পৰিল নিৰ্মিয়মান উৰণীয়া সেতুৰ লোহা

Share
১৪ ছেপ্তেম্বৰ /ANA  নিউজ ডেস্কঃ ১৩ ছেপ্তেম্বৰৰ নিশা মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে ভয়াৱহ ঘটনা।চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল নিৰ্মিয়মান উৰণীয়া সেতুৰ লোহা ।লোহা পৰি বাহনৰ পাছত ৰ আইনা সম্পূৰ্ণৰূপে বিধস্ত হৈ কথমপি প্ৰান ৰক্ষা চালকসহ বাহনৰ গৰাকীৰ। ক্ষতিগ্ৰস্ত হোৱা বাহনখন ৰাজীব বৰুৱা নামৰ লোকজনৰ হোণ্ডা চিটি বাহন। লোক নিৰ্মান বিভাগ আৰু শ্ৰমিকৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী উত্থাপন কৰে স্থানীয় লোকসকলে। এনে ঘটনাৰ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগ আৰু উৰণীয়া সেতু নিৰ্মাণ কৰা কোম্পানীৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী গৰাকীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *