বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বন অখিল গগৈক, অধ্যক্ষই প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগ অখিল গগৈৰ

Share
১৪ ছেপ্টেম্বৰ, ANA নিউজ ডেস্কঃ পৰিপূৰক প্ৰশ্ন কৰিব নিদিয়াৰ অভিযোগ অখিল গগৈৰ। উল্লেখযোগ্য যে ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কাছাৰ কলেজৰ প্ৰিন্সিপালক আটক কৰাক লৈ কমলাক্ষ দে পুৰকাস্থয়ই প্ৰশ্ন উত্থাপিত কৰিছিল। সেই সময়ছোৱাত অখিল গগৈয়ে ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰশ্ন কৰিছিল। আৰু এই প্ৰশ্নটোৰ পিছতেই এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় সদনত। বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বন অখিল গগৈক। 
তাৰ পিছতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে “নিয়ম নমনা বিধায়কক মই একো নকঁও। তেওঁ এতিয়া বিধায়ক, সংগঠনৰ নেতা নহয়।”

Leave a Reply

Your email address will not be published. Required fields are marked *