অত্যাৱশ্যকীয় তালিকাৰ পৰা বাদ পৰিল ২৬ বিধ ঔষধ 

Share

নিউজ ডেস্ক, অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাৰ সংশোধিত ৰূপ মংগলবাৰে প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াই । এনএলএইমৰ সংশোধিত তালিকা প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াই সাধাৰণ ব্যৱহৃত ঔষধৰ মূল্য আধাৰো প্ৰকাশ কৰিছে । সংশোধিত এনএলএইমৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। ৩৮৪ বিধ ঔষধৰ ভিতৰত ২৬ বিধ বাদ দি নতুনকৈ ৩৪ বিধ ঔষধক অন্তৰ্ভুক্ত কৰা হৈছে । গুৰুত্বপূৰ্ণ যে, এনএলএইমৰ তালিকাৰ পৰা বাদ দিয়া ২৬ বিধ ঔষধৰ ভিতৰত এবিধ কৰ্কট ৰোগৰ কাৰক হোৱাৰ আশংকাতে বাদ দিয়া হৈছে। ঔষধবিধৰ নাম হৈছে ৰেনিটিডিন । 

মন কৰিৱলগীয়া যে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী  মনসুখ মান্দাভিয়াই মংগলবাৰে প্ৰকাশ কৰা এনএলএইমৰ সংশোধিত তালিকা প্ৰস্তুত কৰোঁতে স্বতন্ত্ৰ কমিটীয়ে ৩৫০ তকৈ অধিক বিশেষজ্ঞ আৰু ১৪০ পৰা পৰামৰ্শদাতাৰ মত গ্ৰহণ কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *