শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ষান্মাসিক পৰীক্ষাৰ বাতিল

Share
১৪ ছেপ্তেম্বৰ, ANA নিউজ ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ এটা খবৰ। ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ অধীনস্থ আইনৰ ষান্মাসিক পৰীক্ষাৰ দিন সলনি। উল্লেখ্যযোগ্য যে শেহতীয়াকৈ অসম চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে। সেয়েহে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে চৰকাৰী নিৰ্দেশ অনুসৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে। 
উক্ত জাননীত বাতিল হোৱা পৰীক্ষাসমূহৰ নতুন দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ’ব বুলি জনায়। তদুপৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ উত্তৰ বহী চোৱাৰ দিনো সাল-সলনি কৰাৰ কথা উল্লেখ কৰিছে জাননীখনত। উত্তৰ বহী চোৱাৰ দিন অহা ১৫ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্তেম্বৰত ধাৰ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *