এখন ভাইৰেল ফটো আৰু এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী।চৰ্চিত হৈ পৰিছে এটি বিষয়।আহমেদাবাদৰ এজন অটো চালকৰ ঘৰত নৈশ ভোজন গ্ৰহণ কৰিলে আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।পিছে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে গুজৰাটৰ আৰক্ষীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পালে বাধা।প্ৰায় সন্ধিয়া ৭.৩০ বজাত আহমেদাবাদস্থিত হোটেলৰ পৰা ওলাই যোৱাৰ পাছতে নিৰাপত্তাৰ কথা উল্লেখ কৰি আদবাটতে বাধা দিয়ে আৰক্ষীয়ে।যাৰ ফলত ভাইৰেল ভিডিঅ’টিত দেখা পোৱা অনুসৰি এই ক্ষেত্ৰত আৰক্ষীৰ লগত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হৈছিল।কিন্তু তেওঁক অটো চালকৰ ঘৰলৈ যাবৰ বাবে অনুমতি দিয়া যদিও অটো চালকজনৰ কাষতে বহি নিৰাপত্তা প্ৰদান কৰাৰ লগতে আৰক্ষীৰ আন দুখন বাহনে আগুৱাই লৈ যায় অটো ৰিক্সাখনক।
উল্লেখযোগ্য যে,আগন্তুক বিধানসভা নিৰ্বাচনত আপৰ প্ৰচাৰৰ বাবে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ আহি অটো ৰিক্সা চালকৰ এক সমাৱেশ সম্বোধন কৰিছিল কেজৰিৱালে।তেওঁৰ ভাষণৰ পাছতে চহৰখনৰ বিক্ৰম দান্তানি নামৰ এজন অটো চালকে তেওঁৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল অৰবিন্দ কেজৰিৱালক। অটো চালকজনে কয় যে-” সামাজিক মাধ্যমত দেখিছিলোঁ এটি ভিডিঅ’ত,আপুনি পঞ্জাৱত এজন অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল।মই আপোনাৰ অনুৰাগী।আপুনি মোৰ ঘৰলৈও নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিবনে?” তাৰ পাছতে অটো চালকৰ এই অনুৰোধ ৰক্ষা কৰি ততক্ষণাত আমন্ত্ৰণ গ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।