শ্ৰীলংকাৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান, এছিয়া কাপ ২০২২ ৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল শ্ৰীলংকাৰ

Share

দেওঁবাৰে অন্ত পৰে এছিয়া কাপ ২০২২ ৰ টি-২০ প্ৰতিযোগিতাখন।টি-২০ প্ৰতিযোগিতাৰ ফাইনেল খেলখনত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান।এছিয়া কাপ টি-২০ প্ৰতিযোগিতাৰ ফাইনেল খেলখনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে শ্ৰীলংকাই।পাকিস্তানক ২৩ ৰাণত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে শ্ৰীলংকাই।দেওঁবাৰে হৈ যোৱা এছিয়া কাপৰ ফাইনেল খেলখনত শ্ৰীলংকাই সংগ্ৰহ কৰে ৬টা উইকেটত ১৭০ ৰাণ।প্ৰত্যুত্তৰত পাকিস্তানে সংগ্ৰহ কৰে ২০ অভাৰত মাত্ৰ ১৪৭ ৰাণ।

ফাইনেল খেলখনত শ্ৰীলংকাৰ হৈ সৰ্বাধিক ৭১ৰাণ কৰি দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ভানুকা ৰাজপাক্ষেই।ইতিমধ্যে, খেলখনত কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে প্লেয়াৰ এফ দ্য মেচ প্ৰদান কৰা হয় ভানুকা ৰাজপাক্ষেক।উল্লেখযোগ্য যে, এছিয়ান ক্ৰিকেট কাউন্সিলে আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাজিত হৈছিল শ্ৰীলংকাই। কিন্তু তাৰ পাছতে একেৰাহে ৫খন মেচ জয় কৰে দলটোৱে।লক্ষণীয় যে, প্ৰতিযোগিতাখনৰ পূৰ্বে চেম্পিয়ন হিচাপে কোনেও বিবেচনা কৰা নাছিল শ্ৰীলংকাক।কিন্তু প্ৰতিযোগিতাখনত সকলোকে আচৰিত কৰি আশ্চৰ্যজনক প্ৰদৰ্শন কৰিলে শ্ৰীলংকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *