নিলাম হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১২শ উপহাৰ

Share

ডিজিটেল ডেস্কঃ ১৭ চেপ্তম্বৰৰ পৰা নিলাম কৰা হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰা ১২০০ তকৈ অধিক উপহাৰ সামগ্ৰী। প্ৰধান মন্ত্ৰী হোৱাৰ পাছৰে পৰা বিভিন্ন ক্ষেত্ৰৰ অনুৰাগীৰ পৰা বহু উপহাৰ লাভ কৰিছিল মোডীয়ে। নেশ্যনেল গেলাৰী অৱ মৰ্ডান আৰ্টৰ সঞ্চালক প্ৰধান অদ্বৈত গড়নায়কে সদৰি কৰা অনুসৰি অহা ১৭ চেপ্তেম্বৰৰ পৰা ১২ অক্টোবৰ নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে এই নিলামিখন আয়োজন কৰা হৈছে।

 

 উল্লেখ্য যে pmmenmentos.gov.in ৱেব পৰ্টেলৰ যোগেদি নিলাম পৰিচালনা কৰা হ’ব বুলি সদৰি কৰে নেশ্যনেল গেলাৰী অৱ মৰ্ডান আৰ্টৰ সঞ্চালক প্ৰধানে ৷ লগতে সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে সামগ্ৰীসমূহতৰ মূল্য ১০০ টকাৰ পৰা ১ লাখ টকালৈ ধাৰ্য্য কৰা হৈছে ৷ মোদীৰ উপহাৰ সামগ্ৰীসমূহৰ মাজত আছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে দিয়া ৰাণী কমলাপতিৰ মূৰ্তি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে দিয়া হনুমানৰ মূৰ্তি তথা সূৰ্যৰ এখন পেইন্টিং ,হিমাচলৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে উপহাৰ হিচাপে দিয়া এপাত ত্ৰিশূল লগতে আন কেইবাটাও ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলে দিয়া উপহাৰসমূহ আৰু লগতে বাৰ্মিংহামত কমনৱেলথ গেমছত পদক বিজয়ী খেলুৱৈসকলে স্বাক্ষৰ কৰি দিয়া টি-ছাৰ্ট,বক্সিং গ্ল’ভছ ,জেভলিন আদিও আছে নিলামৰ তালিকাত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *