মাধুৰীমা ৰায়
গুৱাহাটী, ২৪ জুলাই : কোভিডৰ মাৰাত্মক সংক্রমনৰ বাবে বিশ্বত অনিশ্চয়তাই গা কৰি উঠাৰ মাজতে টকিঅ’ৰ নেশ্যনেল ষ্টেডিয়ামৰ আকাশত আতচবাজীয়ে সৃষ্টি কৰা নীলা আৰু বগা ৰঙৰ পোহৰৰ সমাহাৰেৰে শুক্রবাৰে আৰম্ভ হ’ল অলিম্পিক। কৰ’ণা ভাইৰাছৰ সংক্রমনৰ বাবে এবছৰৰ বাবে স্থগিত ৰখা এই অলিম্পিক অৱশেষত অনুষ্ঠিত হ’ল যদিও পুনৰ বৃদ্ধি পোৱা সংক্রমনৰ বাবে দৰ্শক অবিহনেই আয়োজন কৰিবলগীয়া হ’ল। এইখনেই প্রথম অলিম্পিক য’ত শূন্য গেলাৰীৰ সন্মূখত খেলুৱৈসকলে তেওঁলোকৰ পাৰদৰ্শিতা প্রদর্শন কৰিব। তিনিৰঙী পতাকা হাতত লৈ এম চি মেৰী কম আৰু পুৰুষ দলৰ হকী দলৰ অধিনায়ক মনপ্রীত সিং, ছজন কৰ্মকৰ্তাৰ উপৰি ১৯ গৰাকী ভাৰতীয় খেলুৱৈয়ে ইয়াত অংশগ্রহণ কৰে। অসমৰ লাভলীনা বৰগোঁহায়ো এই দলত আছিল। এই গেমছ আয়োজনৰ বাবে জাপানে ১৫ বিলিয়ন ডলাৰৰো অধিক ধন খৰচ কৰিছে। এতিয়া আগন্তুক ১৬ টা দিনত ৩৩ বিধ খেলত ৩৩৯ টা স্বৰ্ণ পদকৰ বাবে হিয়া উজাৰি খেলিব ২০৬ খন দেশৰ ১১ হেজাৰতকৈয়ো অধিক খেলুৱৈয়ে।