মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম,‘বৰ্তমান মই ‘ৰাঘৱ’ চিনেমাখনক লৈ ব্যস্ত হৈ আছোঃ যতীন বৰা

Share

ডিজিটেল ডেস্কঃ পুনৰ ভ্ৰাম্যমাণ জগতত ভূমুকি মাৰিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। বৰ্তমান তেওঁ এখন চিনেমাত ব্যস্ত আছে। শনিবাৰে নলবাৰীত জনপ্ৰিয় অভিনেতা যতীন বৰাই বৰদৈচিলা থিয়েটাৰৰ নাট্যৰম্ভ মুকলি কৰি এই কথা সদৰি কৰে।

তেওঁ কয় যে ‘মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম। ‘বৰ্তমান মই ‘ৰাঘৱ’ চিনেমাখনক লৈ ব্যস্ত হৈ আছো। অক্টোবৰৰ পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব। আৰু তেওঁ কয় যে অসমত ভ্ৰাম্যমাণৰ ভাল দিন ওভতি আহিছে, ‘এতিয়া দৰ্শকে হিলদল ভাঙি নাটক চাবলৈ আহিছে এইটো শুভ লক্ষণ।’

ভ্ৰাম্যমাণ থিয়েটাৰৰ পুনৰ আৰম্ভণিৰ এই শুভক্ষণত অভিনেতা-অভিনেত্ৰী, পৰিচালক-প্ৰযোজকৰ উৎসাহ দেখি ভাল লাগিছে বুলিও মন্তব্য কৰে জনপ্ৰিয় অভিনেতাজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *