অসমবাসীৰ বাবে ভাল খবৰ! শীঘ্রে অসমলৈ ঘূৰি আহিব অসমৰ জয়মালা,অসম চৰকাৰে উদ্ধাৰ কৰিব জয়মালাক

Share
দেশজুৰি এটাই চৰ্চা চলিছে জয়মালা। তামিলনাডুত অকথ্য নিৰ্যাতন সহি অসমৰ জয়মালাৰ চিৎকাৰে যেন কপাঁই তুলিছে সমগ্ৰ দেশৰ আকাশ।তিল তিলকৈ যেন মৃত্যুৰ ক্ষণ গণিছে অসমৰ। জয়মালাৰ কাহিনী শুনি উচুপি উঠিছে প্রতিজন হৃদয়বান লোকৰ অন্তৰাত্মাই। জয়মালা অসমৰে এজনী পোহনীয়া হাতী। ২০০৮ চনতে তিতাবৰৰ মহন চুতীয়াৰ ঘৰৰ পৰা তামিলনাডুলৈ নিয়া হৈছিল জয়মালা নামৰ হাতীজনীক।
কিন্তু ১৩-১৪ বছৰ ধৰি তামিলনাডুত থকা জয়মালাক মাউতে নিৰ্মমভাৱে চলোৱা অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইমানৰ পাছতো জয়মালাক উভতাই অনাত অসম চৰকাৰক বাধা প্রদান কৰিছিল তামিলনাডু চৰকাৰে। অৱশেষত বহু প্রচেষ্টাৰ অন্তত অসম চৰকাৰে উদ্ধাৰ কৰিব জয়মালাক। মৃত্যুৰ ক্ষণ গণা জয়মালা  শীঘ্রে ঘূৰি আহিব অসমলৈ।সন্ধিয়া ৭ বজাত বনমন্ত্রীৰে সৈতে জৰুৰী বৈঠকত মিলিত হ’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

Leave a Reply

Your email address will not be published. Required fields are marked *