ডিজিটেল ডেস্কঃ আলফা(স্বাঃ)ৰ শিবিৰত পুনৰ এজন সদস্যক মৃত্যুদণ্ড। এইবাৰ শিবিৰৰ পৰা পলায়ন কৰা সদস্যক আলফাই বিহিলে মৃত্যুদণ্ড। গোৱালপাৰা জিলাৰ বাউৰাৰতল নিবাসী কলিম উদ্দিনৰ পুত্ৰ ৰিহন অসম ওৰফে ছাইফুল ইছলামক আলফাই বিহিলে মৃত্যুদণ্ড। ২০২২ বৰ্ষৰ জুলাই মাহৰ ২৮ তাৰিখে নিশা প্ৰথমবাৰৰ বাবে সংগঠনৰ পৰা পলায়ন কৰিছিল ছাইফুলে । পাছদিনা কাহিলী পুৱা তহলদাৰী গোটৰ হাতত কৰায়ত্ত হোৱাৰ পাছত নিম্ন বিচাৰ সদনৰ সন্মুখত অন্তিম সুযোগৰ বাবে আবেদন জনাইছিল। নিম্ন বিচাৰ সদনে শাৰীৰিক শ্ৰমদানৰ লঘু শাস্তিৰে ক্ষমা দান কৰে যুৱকজনক ।
ইয়াৰ পাছতে ২৩ আগষ্টৰ পুৱতি নিশা পুনৰ পলায়ন কৰে ছাইফুলে, এইবাৰো কৰায়ত্ত হয় যুৱকজন। দুবাৰকৈ কৰায়ত্ত কৰাৰ পাছতো ২৫ আগষ্টত অন্তিমবাৰৰ বাবে পলায়নৰ চেষ্টা কৰে যদিও গ্ৰেপ্তাৰ হয় ছাইফুল । এই সমুহ ঘটনা পৰ্য্যাবেক্ষণ কৰি নিম্ন বিচাৰ সদনে মৃত্যুদণ্ডৰ সিদ্ধান্ত ঘোষণা কৰে । উল্লেখ্য যে, ২০২২ বৰ্ষত নিষিদ্ধ ঘোষিত সংগঠনটিৰ মৃত্যুদণ্ডৰ ঘোষণাৰ এইটোৱেই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও ৭ মে’ ত আন দুগৰাকী যুৱকক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছিল ।