‘কা’ আন্দোলনক লৈ পুনৰ মন্তব্য প্ৰকাশ অসমৰ হাৰ্টথ্ৰবৰ

Share
গুৱাহাটী,৩০ আগষ্ট : সোমবাৰে চন্দ্ৰপুৰত বৃন্দাবন থিয়েটাৰৰ শুভ নাট্যৰম্ভ অনুষ্ঠানত উপস্থিত থাকি মঞ্চৰ ফিটা কাটি নাটকৰ শুভ উদ্বোধন কৰে জুবিন গাৰ্গে। সেই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ দুগৰাকী বিধায়ক ৰূপক শৰ্মা আৰু দিগন্ত বৰ্মন লগতে উপস্থিত থাকে। অসমৰ কেইবাগৰাকী শিল্পী তথা কেইবাগৰাকীও যুৱ নাট্যকাৰ আৰু পৰিচালক।
উল্লেখ্য যে, সকলোকে থিয়েটাৰ চোৱাৰ লগতে অসমীয়া চিনেমা চাবলৈও আহ্বান জনোৱাৰ লগতে অসমৰ হাৰ্টথ্ৰব জুবিনে গাৰ্গে কা আন্দোলনক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’
তদুপৰি এই অনুষ্ঠানৰ সামৰণিত জুবিন গাৰ্গক সাংবাদিকে অসমৰ শিক্ষা ক্ষেত্ৰৰ সন্দৰ্ভক লৈ কৰা প্ৰশ্নৰ উত্তৰ ৰূপে তেওঁ উল্লেখ্য কৰিছে যে, ‘‘শিক্ষা বস্তুটো মোৰ কাৰণে অলপ বেলেগ। কাৰণ মই BA পাছ কৰা নাই। কিন্তু মই ১২ হাজাৰ মান কিতাপ পঢ়িছো। গতিকে এই ক্ষেত্ৰত কিবা কোৱাৰ আগত মই চাব লাগিব।’’

Leave a Reply

Your email address will not be published. Required fields are marked *