ডিম্পুমনি হীৰা
২৪ জুলাই,শ্বিলং : শ্বিলঙত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক।ৰাজ্য দুখনৰ সীমা বিবাদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মেঘালয়ৰ সচিবালয় যোজনা ভৱনত বৈঠকত মিলিত হয়।আলোচনাত উপস্থিত থাকে দুয়োখন ৰাজ্যৰ মুখ্যসচিব। ১২বিতৰ্কিত স্থান মেঘালয়ৰ বুলি দাবী কৰে ৰাজ্যখনৰ চৰকাৰে। অসম চৰকাৰে ঠাইবোৰ অসমৰ বুলি জনাই নথি-পত্ৰ দ্বাৰা। প্ৰয়োজন হ’লে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব বিৰ্তকিত স্থানসমূহলৈ।
৬ আগষ্টত সীমা বিবাদ সন্দৰ্ভত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ আলোচনা। মেঘালয়ৰ মুখ্যমন্ত্ৰীক গুৱাহাটীত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে।