আজি মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সামাজিক মাধ্যমত
টুইট
গুৱাহাটী,২৯ আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই
মহাপুৰুষজনালৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট।
“হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।”
এইদৰেই অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ শতকৌটি প্ৰণাম৷